Show/Hide Keyboard Layout

জননী পূজাৰ মন্দিৰ শুদা

- জ্যোতিপ্ৰসাদ আগৰৱালা

জননী পূজাৰ মন্দিৰ শুদা

নজলোৱা কিয় বন্তি ?

আপোন পাহৰি হ’লা তন্দ্ৰা অলস

অ’ মোৰ দেশৰে পূজাৰী ।

 

বজা নাই কিয় পূজাৰ শংখ

শংখ নিলেনো কোনে ?

গোৱা নাই কিয় আৰতিৰ গীত

কণ্ঠ ৰুধিলে কোনে ?

 

শতাব্দী ধৰি মহাশংখ বাজিলে

বুকুৰ শোণিতেৰে জ্বলিলে দীপালী

কণ্ঠে প্ৰচাৰিলে আৰতিৰ বাণী

নোহোৱানে গৌৰৱৰ তুমি অধিকাৰী ?

পূজাৰী ! তুমি কিয় হ’বা অভিমানী ।।

Hits: 3137